সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
চণ্ডিকাখ্যান ।

সংসাৰ সাগৰ তৰী কেৱল ভৱানী।
সুমৰা সততে তাঙ্ক সবে নৰ প্ৰাণী॥



চণ্ডৰ নিধন,  মুণ্ড বিনাশন,
 কৰিল চামুণ্ডা ৰূপে॥



দুলড়ি।


মেধস বদতি,  শুনা নৰপতি,
 পাছে চণ্ড মুণ্ড বীৰ।
আদেশে শুম্ভৰ,  চতুৰঙ্গ বল,
 লৈয়া হৈলা অগ্ৰসৰ॥
ধনুৰ্ব্বাণ শূল,  পৰিঘ তোমাৰ,
 পৰশু পট্টিশ শেল।
গদা আদি কৰি,  অস্ত্ৰ শস্ত্ৰ ধৰি,
যান্ত কোপে দৈত্যদল॥ (১)
সুবৰ্ণ শিখৰে,  কেশৰি ওপৰে,
হিমালয় পৰ্ব্বতত।


(১) দৈত্যদল, সমুহ অসুৰ ।