সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
চণ্ডিকাখ্যান ।

আক্ৰমণে কতো দৈত্য ত্যজিলা পৰাণ।
কতোৰ বিদাৰি পেত বিনাশিলা প্ৰাণ॥
চাপৰ মাৰিয়া কাৰো ছেদিলা মস্তক।
বাহু শিৰ ছেদি কাৰো শোধইল যমক॥
উদৰ বিদাৰি কাৰো কৰোষ্ণ ৰুধিৰ। (১)
পৰম হৰিষে পীলা কম্পাই কেশৰ॥
এহিৰূপে ক্ষণিকতে দেবীৰ বাহন।
মহাকেপে সংহৰিল দৈত্য, সেন৷গণ॥
অবশিষ্ট সৈন্যগণ ভয়ত অস্থিৰ।
পলাইলন্ত প্ৰাণ লৈয়া সমীপে শুম্ভৰ॥
ধূম্ৰ লোচনক দেবী কৰিলা নিহত।
অন্য যত সৈন্য সিংহে কৰিলা নিপাত॥
এহি বাৰ্ত্তা দৈত্য পতি শুম্ভ মহাসুৰ।
দূত মুখে শুনি কোপে কম্পিল শৰীৰ॥
ক্ৰোধেৰক্ত ভৈল মুখ কম্পিত অধৰ।
চণ্ড মুণ্ড অসুৰক মাতিলা সত্বৰ॥
চণ্ড মুণ্ড হই ভাই শুনা মোৰবাণী।
বহু সৈন্য লৈয়া শীঘ্ৰে আনাহা ৰমণী॥


(১) কৰোঞ্চ, অলপ তপত।