এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চণ্ডিকাখ্যান।
সৈন্য সহ বলবন্ত দৈত্যেন্দ্ৰে তোমাক।
পঠাইলাহা বলক্ৰমে নিয়াহা আমাক॥
নিৰাশ্ৰয়া বলহীনা কেবল ৰমণী।
বলে ধৰি নিলে তোক কিকৰিবো আমি॥
দেবী বাক্য সমাপনে সিধূমীৰ লোচনে।
অম্বিকাক প্ৰতি ধাইলা আতি কোপমনে॥
জগত জননী দেবী ধুম লোচনক।
হঙ্কাৰ শবদে ক্ষণে ভস্ম কৰিলেক॥
পাছে যত দৈত্যসেনা আতিকোপ কৰি।
বৰষিলা তীক্ষা বান হাতে ধনু ধৰি॥
কতো দৈত্য দেবীপ্ৰতি শক্তিপ্ৰহাৰয়।
কতোবা পৰশু শূল দেবীক হানয়॥
শক্তিৰ পৰমা শক্তি দেবি ভগৱতী।
লীলাতে সবাৰ অস্ত্ৰ কৰিলা নিবৃত্তি॥
দেবীৰ বাহন আতি কুপিত কেশৰী।
জোকাৰি কেশৰ জাল মহানাদ কৰি॥
লাম্ফ দিয়া অশুৰৰ সেনাৰ মাজত।
মহা বেগে পড়িলন্ত কম্পাই জগত।
সৈন্য সাজে পশি দেবী বাহন কেশৰী।
নখাবাতে দন্তাঘাতে বধিলা দেবাৰি॥