এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
চণ্ডিকাখ্যান।
দেবীৰ বচন শুনি হুয়া ক্ৰদ্ধ দুত।
নিবেদিলা সাবশেষে শুম্ভৰ আগত॥
শুনি শুম্ভ দৈত্যেশ্বৰ দূতৰ বচন।
কোপে ধূম্ৰলোচনক কৰিলা আহ্বান॥
নিজ সৈন্য লৈয়া তুমি যোৱা শীঘ্ৰগতি।
গৰ্ব্বিতাক ধৰি কেশে আনাহা সম্প্ৰতি॥
যদিবাও থাকে কোন ৰক্ষক কন্যাৰ।
যক্ষ বা গন্ধৰ্ব্বৰক্ষ অথবা অমৰ॥
তাঙ্ক প্ৰতি কোনো তুমি নকৰিবা দৰ।
বধিবা তাহাক প্ৰাণে হানি তীক্ষ্ণশৰ॥
ৰাজাৰ আদেশ পাই সি ধুম্ৰলোচন।
অসংখ্যাত সৈন্য সমে কৰিলা গমন॥
দেখিলন্ত আছে বসি পৰমা সুন্দৰী।
হাস্যমুখে হিমালয়ে ৰূপে মুদ্ধকৰি॥
দেখি দৈত্যে মহাগৰ্ব্বে বুলিলা বচন।
চলা এবে শীঘ্ৰগতি দৈত্যেন্দ্ৰ ভবন॥
যদি তুমি প্ৰীতি মতে নাযাইবা তথাত।
বলেৰে কেশত ধৰি নিবো মই তাত॥
গৰ্ব্বিত দৈত্যৰ বাণী শুনি ভগবতী।
উচিত উত্তৰ পাছে কৰিলা পাৰ্ব্বতী॥