সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
চণ্ডিকাখ্যান ৷

তুমি নাৰী ৰত্ন বুলি জগতে প্ৰখ্যাত।
শুনি মোৰ হৈল চিত্ত তোমাতে আশক্ত॥
অসিয়ো সুন্দৰি গৃহে মোক কৃপা কৰি।
সমস্ত ৰতনে আমি আছো অধিকাৰী॥
ৰতন স্বৰূপা তুমি খঞ্জন নয়নি।
যুগুত তোমাৰ হোৱাঁ মোৰ পাটৰাণী॥
নতুবা অনুজ মোৰ মহাপৰাক্ৰমী।
নিশুম্ভক ভজি হোৱা পৰম সুখিনী॥
পৰম সম্পদ মোক ভজিলে তোমাৰ।
হৈবন্ত সুমুখি তুমি কৰাহা স্বীকাৰ॥
যাৰহন্তে চৰাচৰ স্থাবৰ জঙ্গম।
উতপতি কৰে তাক দৈত্যে প্ৰলোভণ॥
দেবীৰ মায়াত মুগ্ধ দুৰন্ত অখুৰ।
সৌন্দৰ্য্যৰ কথা শুনি হইলা অস্থিৰ॥
দেবী কৃপা ভিন্ন মোহ নোহে নিবাৰণ।
আক জানি দেবী পদে লইও শৰণ॥

⸻০০⸻