এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
চণ্ডিকাখ্যান।
মনোহৰ গিৰিশৃঙ্গে দেবী মহেশ্বৰী।
দেখিলন্ত বসি আছে পৰমা সুন্দৰী॥
দেবীৰ সমীপ চাপি দুত দৈত্যেন্দ্ৰৰ।
বুলিলা দেবীক বাণী ললিত মধুৰ॥
দেবি দৈত্যেশ্বৰ শুভ জগত ঈশ্বৰ।
পঠাইলাহা মোক সেহি সমীপে তোমাৰ॥
অখণ্ডিত আজ্ঞাযাৰ অখিল স্বৰ্গত।
জিনিলে যতেক দেৱ যেই সমৰত॥
মহা পৰাক্ৰণী শুম্ভ ত্ৰিভূবন পতি।
যি কাৰণে পঠাইলা শুনিয়ো সম্প্ৰতি॥
এহি মোৰ ত্ৰিভূবণ আৰু দেৱগণ।
বশবৰ্ত্তি যজ্ঞভাগ কৰোহোঁ গ্ৰহণ॥
আছয় যতেক শ্ৰেষ্ঠ ৰত্ন ত্ৰৈলোক্যত।
ঐৰাবত অদি কৰি মোৰ বশীভূত॥
উচ্চৈঃশ্ৰবা নামে ঘোড়া ইন্দ্ৰৰ বাহন।
দেবগণে আনি মোক কবিলা অৰ্পণ॥
দেবলোকে নাগলোকে গন্ধৰ্ব্ব পুৰীত।
আছয় যতেক মহা মূল্য দিব্য ৰত্ন॥
সমস্ত ৰতনে মোৰ শোভিছে ভবন।
নাহিকে ৰতন ভ্ৰুটি আমাৰ সদন॥