সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চণ্ডিকাখ্যান ।


মনোহৰ ৰূপে হিমালয়ত অম্বিকা।
আছে জগতক মুহি সহিত কালিকা॥
চণ্ড মুণ্ড নামে শুভ নিশুম্ভৰ দূত।
দেখিলন্ত একদিন দেবীক তথাত॥
দুই দূতে দেখি পাছে শুম্ভৰ আগত।
নিবেদিলা কৰযোড়ে সমজ্যা মাজত॥
মহাৰাজ অবধান কৰোক সম্প্ৰতি।
দেখিলোহোঁ হিমাচলে নাৰী ৰূপৱতী॥
প্ৰকাশিছে হিমালয় সৌন্দৰ্য্যে তাহাৰ |
তেনে ৰূপৱতী নাই জগত ভিতৰ॥
এনে মনোহৰ ৰূপ নয়ন গোচৰ।
কোন জনে কৰানাই জানিবা নিশ্চয়॥
জানিবাক লাগে এহি কোন ৰূপৱতী।
কৰিয়ো গ্ৰহণ তাঙ্ক ত্ৰিভুবন পতি॥
দশদিশ প্ৰকাশন্ত দেহৰ জেউতি।
হুকোমল অঙ্গ তাৰ মনোহৰ আতি।
হিনালয়ে আছে বসি মধুৰ হাসিনী।
উচিত দৰ্শন তব ভুবন মোহিনী॥
ত্ৰিভুবনে আছে যত হীৰা মৰকত।
মানিক্য গোমেদ আৰু গজ বাজী যত॥