সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
চণ্ডিকাখ্যান ।


তুমি চন্দ্ৰ তুমি সূৰ্য্য,  তুমি অগ্নিষ ড়ৈশ্বৰ্য্য,
 তুমি দেবী জগত প্ৰকৃতি।

সনাতনা ভয়ঙ্কৰী,  জ্যোৎস্না ৰূপ৷ তুমি গৌৰী,
 নমো দেবী জগত ধৰিত্ৰী॥

সুখৰূপা বৃদ্ধিৰূপ৷,  মহেশ্বৰী লক্ষ্মীৰূপা,
 তুমি দেবী সমস্ত ৰাজাৰ।

অলক্ষ্মী সিদ্ধি স্বৰূপা,  তুমি দেবী দুৰবোধা,
 চিন্তাতীতা প্ৰাকৃত জনৰ॥

প্ৰণতক ত্ৰাণ কৰ্ত্ৰী,  তুমি সৰ্ব্বজন মাতৃ,
 শ্ৰেষ্ঠদ্ৰব্য প্ৰতিষ্ঠা ৰূপিণী।

কৃষ্ণা আৰু ধূত্ৰবৰ্ণা,  অতি সৌম্যা অতি ৰৌদ্ৰা,
 তুমি দেবী জগত পালিনী॥

নমোদেব মূৰ্ত্তিৰূপা,  নমো দেবী ক্ৰিয়া ৰূপা,
 পুনঃ পুনঃ নমোহো তোমাক।

যেই দেবী সৰ্ব্বভূতে,  আছে মহামায়া ৰূপে,
 নমো নমো পুনঃ নমো তাক॥

দেবী যেই সমস্তৰ,  প্ৰাণীৰ চেতনা ৰূপ,
 নমো নমো পুনশ্চ তাহাক।

যেই দেবী সৰ্ব্বভূতে,  বুদ্ধি নিদ্ৰা ৰূপে আছে,
 নমো নমে পুনৰপি তাক॥