সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চণ্ডিকাখ্যান ৷

দেবি মহেশ্বৰি,   যদি দয়৷ কৰি,
  দিবাহা আমাক বৰ।

সুমৰিলে যেন,   বিপদ কালত,
  কৰিবা ৰক্ষা আমাৰ ॥

যদি কোনো নৰে,   আমাৰ স্ততিৰে,
  তোমাক কৰে স্তবন ৷

তাৰ ধন জন,   ভাৰ্য্যাপুত্ৰ গণ,
  সম্পদ হৌক বৰ্দ্ধন ॥

এহি মাত্ৰ বৰ,   সমীপে তোমাৰ,
  প্রাৰ্থনা দেবি আমাৰ ৷

কৰা অনুগ্ৰহ,   জগতৰ মাৱ;
  প্রণাম পাৱে তোমাৰ ৷৷

দেৱতা সকলে,   জগত হিতাৰ্থ,
  দেবীক কৰিলা তুষ্ট ৷

কৰি আতি দয়া, {{gap|3em“তথাস্ত ” বুলিয়া,(৫)
 ভৈলা দেবী অন্তৰ্হিত ॥

তেজে দেৱতাৰ,  উৎপত্তি দেবীৰ,
 ত্ৰৈলোক্যৰ ভাবিহিত ৷


(৫)তথাস্ত, সেয়ে হউক ।