সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
চণ্ডিকাখ্যান।


খড়্গ শূল গদা আদি অস্ত্ৰ সমবলে;
কৰিয়ো আমাক ৰক্ষা দেবি সৰ্ব্বকালে॥
দেবীৰ অচিন্ত্য ৰূপ অপাৰ মহিমা;
ব্ৰক্ষ্মা বিষ্ণু মহেশ্বৰে নপাৱয় সীমা॥
কৃপাময়ী ভগৱতী বাঞ্চা ফলদাত্ৰী;
সৰ্ব্ব দুঃখ নিবাৰিণী অগতিৰ গতি॥
সংসাৰৰ মোহ পাশ ছেদিবাক মনে;
হইলো শৰণা গত দেবীৰ চৰণে॥



ইঘোৰ সংসাৰ,  দেখি লাগে দৰ,
 মোক দেবি কৰা ত্ৰাণ॥



দুলড়ি।


মেধস বদতি,  এহি ৰূপে স্তুতি,
 কৰিলা অমৰ গণে।
নন্দন বনৰ,  আনি পুষ্পচয়,
 অৰ্পিলা দেবী চৰণে॥
মলয় চন্দন,  অঙ্গত লেপন,
 কৰি দিব্য ধুপ দান।

(৬)