এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
চণ্ডিকাখ্যান।
খড়্গ শূল গদা আদি অস্ত্ৰ সমবলে;
কৰিয়ো আমাক ৰক্ষা দেবি সৰ্ব্বকালে॥
দেবীৰ অচিন্ত্য ৰূপ অপাৰ মহিমা;
ব্ৰক্ষ্মা বিষ্ণু মহেশ্বৰে নপাৱয় সীমা॥
কৃপাময়ী ভগৱতী বাঞ্চা ফলদাত্ৰী;
সৰ্ব্ব দুঃখ নিবাৰিণী অগতিৰ গতি॥
সংসাৰৰ মোহ পাশ ছেদিবাক মনে;
হইলো শৰণা গত দেবীৰ চৰণে॥
⸻
ইঘোৰ সংসাৰ, দেখি লাগে দৰ,
মোক দেবি কৰা ত্ৰাণ॥
⸻
দুলড়ি।
মেধস বদতি, এহি ৰূপে স্তুতি,
কৰিলা অমৰ গণে।
নন্দন বনৰ, আনি পুষ্পচয়,
অৰ্পিলা দেবী চৰণে॥
মলয় চন্দন, অঙ্গত লেপন,
কৰি দিব্য ধুপ দান।
(৬)