সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
চণ্ডিকাখ্যান ৷


লক্ষ্মী ৰূপে থাকা তুমি হৃদয়ে বিষ্ণুৰ;
গৌৰী ৰূপে শঙ্কৰক কৰিছা আদৰ॥
তপত সুবৰ্ণ হেন ইষত হসিত;
তযু মুখ পদ্ম পূৰ্ণচন্দ্ৰ বিনিন্দিত।
ইহেন তোমাৰ মুখ আতি চমৎকাৰ;
দেখিয়ো ক্ৰোধান্ধ সেহি মহিষঅসুৰ॥
সহসা কৰিলা তযু প্ৰহাৰ অঙ্গত;
দেখি ইটো কথা আমি ভৈলো আচৰিত।
ভ্ৰূকুটি ভীষন মুখ কোপত তোমাৰ;
দেখিয়ো যে তেতিক্ষণে মহিষ পামৰ।
নকৰিলা প্ৰাণ ত্যাগ অতি আচৰিত;
দেখিলে কুপিত যম নাথাকে জীবিত॥
জগতৰ শুভ হেতু উদ্ভব তোমাৰ;
কোপ যুক্তা হৈলে তুমি বিনাশ সবাৰ।
প্ৰমাণ ইহাৰ আমি পাইলো সাক্ষাত;
বিপুল মহিষ সৈন্য কৰিলা নিপাত॥
স্থপ্ৰসন্না হুয়া দেবী আমাসাক প্ৰতি;
ভয়ঙ্কৰ দানৱক বধিলা অম্প্ৰতি
দেশৰ মধ্যত সেহি জন মান্যৱন্ত;
ধাৰ্ম্মিক যশস্বী আৰু সেহি ধনৱন্ত॥