সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
চণ্ডিকাখ্যান ।


নজানয় হৰি হৰ তোমাক বিধাতা;
পৰমা প্ৰকৃতি তুমি জগতৰে মাতা॥
আধাৰ স্বৰূপা তুমি সবে জগতৰ;
চৰাচৰ এহি বিশ্ব অংশ যে তোমাৰ।
যজ্ঞে আক পিতৃশ্ৰাদ্ধে এহিসে কাৰণে;
স্বাহা স্বধা উচ্চাৰণ কৰে বিপ্ৰগণে ।
জিতেন্দ্ৰিয় মুনিগণে মোক্ষ বাঞ্চা কৰি;
শুদ্ধমনে কৰে চিন্তা তোমাক আদৰি॥
চিন্তামণি তুমি দেবী মুক্তিৰ কাৰণ;
(২)মুমুক্ষুৰ তুমি দুৰ্গা হোৱ৷ ব্ৰহ্মজ্ঞান।
শব্দ ৰূপা তুমি দেবী বেদৰ আধাৰ ,
ঋক যজু সামৰূপে কৰিছা প্ৰচাৰ॥
কৃষি বানিজ্যাদি ৰূপে জগত পালন;
কৰি দৰিদ্ৰৰ দুঃখ কৰাহা মোচণ।
সৰ্ব্বশাস্ত্ৰ সাৰ তুমি তব ধৈৰ্য্যমতি;
দুৰ্গম স্থানত দুৰ্গা নাম মাত্ৰ গতি॥
সংসাৰ সাগৰে দেবী তুমিসে তৰণী;
তোমাৰ প্ৰসাদে ত্ৰাণ পাৱে সৰ্ব্ব প্ৰাণী।


(২) মুমুক্ষু, মুক্তিৰ ইচ্ছুক