সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
চণ্ডিকাখ্যান ৷

মূৰ্খ দৈত্যাধম,  কৰ অবধান,
 সঙ্কট জীবন তোৰ।

যাগ যজ্ঞ নাশি,  দেবতাক হিংসি,
 পড়িলি হাতত মোৰ॥

মই যতক্ষণ,  কৰো মধু পান,
 তাৰত কৰ গৰ্জন।

তোৰ বধ হৈলে,  দেবতা সকলে,
 কৰিব বহু তৰ্জন॥

চণ্ডিকা গোসানী,  মহিষক বাণী,
 এহিৰূপে ব্যক্ত কৰি।

সিংহ পৃষ্ঠ হন্তে,  মহিষৰ স্কন্ধে,
 দিলা ঝাম্প মহেশ্বৰী॥

দেবী বাম পদ,  মহিষ স্কন্ধত,
 থাপিলা জগত ভৰে।

হিয়াত ত্ৰিশূল,  কৰিল৷ প্ৰহাৰ,
 দৈত্য আটি মুটি কৰে॥

চৰণৰ ভৰে,  মহিষ অসুৰে,
 কৰিলা মুখ ব্যাদান।

অৰ্দ্ধেক পুৰুষ,  মূখ হন্তে তান,
 ভৈলা বাজ তেতিক্ষণ॥