সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
চণ্ডিকাখ্যান।


সিংহৰূপ ধৰি,  দেবীক আবৰি,
 কৰন্ত মহা সমৰ।

মায়াবীৰ মায়া,  জানি মহামায়া,
 ছেদিলা মস্তক তাৰ॥

তেজি সিংহৰূপ,  মহিষ অসুৰ,
 ক্ষণিকে পুৰুষ ভৈলা।

হাতে খড়গ ধৰি,  মহা কোপ কৰি,
 দুৰ্গাক বেগে ধাইলা॥

দুৰ্গ ভগবতী,  কৰি কোপ আতি,
 প্ৰহাৰি নিশিত বাণ। (২)

খড়্গচৰ্ম্ম সমে,  মায়াবী দৈত্যৰ,
 কৰিলা শিৰ শ্ছেদন॥

পুনশ্চ অসুৰে,  মহাগজ ৰূপে,
 ধাইলা বেগে দেবীক।

কৰন্ত গৰ্জ্জন,  বহু আস্ফালন,
 আক্ৰমে শুণ্ডে সিংহক॥

আকৃষ্ট সিংহক,  দেখি দানৱক,
 কৰি কোপ ভগৱতী।


(২) নিশিত বাণ, তীক্ষবাণ।