গজত আৰোহি আসে।
সেহি দুষ্টে চণ্ডিকাক।
হুঙ্কাৰ শবদে শক্তি।
চামৰ কোপিত আতি।
পুনৰপি শূল এক।
দেবী শূল পাততাৰ।
পাছে সিংহ চণ্ডিকাৰ।
গজ কুম্ভে আৰোহণ।
সিংহ সমে দেব অৰি।
গজহন্তে পৃথিবীত।
মৃগৰাজ ঝাম্পমাৰি।
নখাঘাতে চামৰৰ।
আসিল উদগ্ৰ নামে।
তাঙ্ক পাছে হৰ ৰাণী।
কৰাল ত্ৰিদশ অৰি।
দণ্ড মুষ্টি তলা ঘাতে।
কুপিত চণ্ডিকা আতি।
কৰি তাক গদাঘাত।
ভিন্দিপালে বাস্কলক।
ৰণত দেবতা অৰি।
|
কোপে চণ্ডিকাৰ পাশে॥
প্ৰহাৰিলা শক্তি এক॥
কৈলা ব্যৰ্থ ভগৱতী॥
হৈলা দেখি ভগ্ন শক্তি॥
প্ৰহাৰিলা চণ্ডিকাক॥
শৰ হানি কৈলা দূৰ॥
ঝাম্প দিয়া চামৰৰ॥
কৰি কৰে মহাৰণ॥
বহু যুদ্ধ কৰি কৰি॥
তেতিক্ষণে ভৈলা পাত॥
দৈত্যৰ শিৰত ধৰি॥
ক্ষণিকে ছেদিলা শিৰ॥
এক দৈত্য সি সংগ্ৰামে॥
বধিলাহা বৃক্ষহানি॥
দেখি তাঙ্ক মহেশ্বৰী॥
বিনাশিলা ক্ষণিকতে॥
উদ্ধতক কৰি দৃষ্টি॥
কৌলা চূৰ্ণ সমৰত॥
শৰে তাম্ৰ অন্ধকক॥
বিনাশিলা সুৰেশ্বৰী॥
|