সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
চণ্ডিকাখ্যান।


[] দেবীৰ প্ৰমথগণে,   যুজি দেব অৰিসনে,
 তুষিলা দেবৰ মন আতি।

তুষ্ট হৈয়া দেব যত,  আৰোহিয়া বিমানত,
 আকাশত কৈলা পুষ্প বৃষ্টি॥

মহিষৰ সৈন্য বধ,  এহি চণ্ডিকাৰ পদ,
 ভক্তিভাবে শুনে যেই জনে।

দেবীৰ চৰণে ভক্ত,  হোৱে অন্তকালে মুক্তি,
 চণ্ডিদাস কীত্তি চন্দ্ৰে ভণে॥

তাৰিণী কৰা নিস্তাৰ।
চৰণে প্ৰণাম মোৰ॥

ঝুমুৰী।

পুনশ্চ মেধস মুনি।
মহিষৰ সেনাপতি।
সৈন্য বহু ভৈল ক্ষয়।
দেখি কোপে দৈত্যবৰ।

বুলিলা ৰাজ৷ক বাণী॥
চিকুৰ প্ৰচণ্ড আতি।
হৈলন্ত দেবীৰ জয়॥
ধাইলা পাশে চণ্ডিকাৰ॥


  1. প্ৰমথ, পাৰিষদ।