সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
চণ্ডিকাখ্যান।


লৈয়া নানা অস্ত্ৰ জাত,  চণ্ডিকাক প্ৰহাৰন্ত,
 বাদ্যতালে নাচন্ত অসুৰে॥

অন্য মহাসুৰ গণে,  চণ্ডিকাক কোপমনে,
 থাক থাক বোলয় বচন।

অসুৰৰ শুনি বাণী,  দেবী দুৰ্গা নাৰায়ণী,
 নকৰিলা একে৷ সমিধান॥

অনেক পড়িল হাতী,  ৰথ ঘোড়া কোটি কোটি,
 ৰক্ত মাংসে প্লাবিত মেদিনী।

সৈন্যৰ শোণিতে নদী,  মহাবেগে বহে আতি,
 ভৈলন্ত অগম্যা ৰণ ভূমি॥

ক্ষণিকতে ভগবতী,  কৰি কোপ মহামতি,
 সৈন্যগণ মহিষাসুৰৰ।

অগণিত তৃণ চয়,  পড়ি যেনে ভস্ম হয়,
 সেহিকুপে কৰিলা সংহাৰ॥

সিবেলা দেবীৰ সিংহ,  কোপে কম্পাইয়া কেশ,
 মহা শব্দে কৰিলা গৰ্জ্জন।

সি শব্দে পুৰিল দিশ,  শত্ৰুগণ ভৈলা ত্ৰাস,
 হৈল যেন বাজ দৈত্য প্ৰাণ॥