সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
চণ্ডিকাখ্যান ।


কতো অসুৰক দেবী,  ঘণ্টাৰ শবদে মুহি,
 ৰণস্থলে কৰিলা মুৰ্চ্চিত॥
তীক্ষ্ণ খড়্গ প্ৰহাৰিয়া,   ভগবতী মহামায়া,
 দুই খণ্ড কৰিলা অসুৰ।
গদাৰ আঘাতে কত,  হুয়া দৈত্য বিমৰ্দ্দিত,
 পড়ি ৰৈলা ধৰণী ওপৰ॥
মূষল মুদ্গৰ ঘাতে,  মহিষৰ কতো দৈত্যে,
 বজাইলা ৰুধিৰ মুখত। *
হিয়াত দেবীৰ শূল,  বিন্ধি কতো অসুৰৰ,
 গৈল প্ৰাণ পড়িলা ধৰাত॥
কতো দৈত্য সেনাপতি,  সংগ্ৰামত বাণে ফুটি,
 তেজিলন্ত অসাৰ জীবন |
কতোৰ ছিগিল বাহু,  গ্ৰীবা ভঙ্গ হৈল কাৰো,
 কাৰো হৈল মস্তক ছেদন॥
কাৰো মধ্যদেশ খণ্ড,  কাৰো ভৈল জঙ্ঘাভগ্ন,
 কাৰো হৈল চৰণ খণ্ডিত।
এক চকু এক কাণ,  একমাত্ৰ ভৰি খান,
 বিকলাঙ্গ দৈত্য সৈন্য যত॥
ছেদিলা দেবীয়ে শিৰ,  ভূমিত পড়িল দেহ,
 পুনৰপি উঠি শূন্য শিৰে।