সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
চণ্ডিকাখ্যান ৷

তাৰ ঘোৰ অট্ৰহাসে আকাশ পূৰিল।
প্ৰতিধ্বনি উঠি তাৰ ভুবন ব্যাপিল॥
জগত ক্ষুভিত ভৈল কাম্পিল সাগৰ।
বসুমতী তলমল পৰ্ব্বত অস্থিৰ॥
দেবীৰ আণ্টাস শব্দে দৰিল জগত।
প্ৰলয় মিলিল বুলি ভাবিলা সমস্ত॥
জয় শব্দে দেবগণে ভুষিলা দেবীক।
ভক্তিভাবে মুনিগণে স্তুতি কৰিলেক॥
ত্ৰিভুবন ক্ষুব্ধ দেখি অখুৰ সকল।
নিজ নিজ অন্ত্ৰ লৈয়া ৰণে সাজু ভৈল॥
ক্ৰোধত মহিষাসুৰ বুলিলা বচন।
কিহৰ শব্দ ইটো কাম্পে ত্ৰিভুবন॥
সবে সেন৷ হোৱা সাজু কৰা অন্বেষণ।
মোৰ আগে কৰে নাদ আতি অসহন॥
এহি বুলি মহাসুৰে অসুৰ সহিত।
শব্দ অনুসৰি কোপে হইলা ধাবিত॥
অনন্তৰ মহাসুৰে দেখিলা দেবীক।
দেহৰ কান্তিৰে ব্যাপি আছে জগতক॥
পদভৰে বহুমতী কম্পে ঘনে ঘন।
কিৰীটে ঠেলিছে গৈয়া আকাশ পৱন॥

( 8 )