এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
চণ্ডিকাখ্যান ৷
যাৰ তেজে যেহি অঙ্গ ভৈলন্ত দুৰ্গাৰ।
তাক ব্যক্ত কৰি কহোঁ শুনা নৃপবৰ॥
শম্ভুতেজে হৈল দুৰ্গাদেবীৰ বদন।
শমন শোণিত হন্তে কেশ বিতোপন॥
বিষ্ণুতেজে উতপতি হাজাৰেক কৰ।
চন্দ্ৰতেজে স্তন যুগ্ম আতি মনোহৰ॥
হৈল মধ্যদেশ দেৱৰাজৰ ৰুধিৰে।
মনোহৰ জঙ্ঘা উৰু বৰুণ তেজেৰে॥
বহুমতী তেজে হৈল নিতম্ব দেবীৰ।
চৰণ কমল দুটী ৰুধিৰে ব্ৰহ্মাৰ॥
পদৰ আঞ্জলী যত ভাস্কৰ শোণিতে।
হাতত আঞ্জলী হৈল বহুগণ ৰক্তে॥
যক্ষৰাজ তেজে হৈল নাসিকা দেবীৰ।
প্ৰজাপতি ৰক্তে দন্ত পংক্তি মনোহৰ॥
নয়ন ত্ৰিতয় হৈল তেজে অগনিৰ।
সন্ধ্যা তেজে ভ্ৰূযুগল পৰম সুন্দৰ॥
পবনৰ তেজে হৈল কাণ দুইখান।
অন্য দেবতাৰ তেজে অবয়ব আন॥ .
সমস্ত দেৱৰ তেজে দেবী উতপতি।
দেখি দেবগণ পাছে ভৈলা হৃষ্ট অতি॥