সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
চণ্ডিকাখ্যান ৷


স্ৰজি আছে প্ৰজাপতি পালিছে মাধৱ।
তিনিও সবাৰ হোৱা পৰম বান্ধৱ॥
তোমা সব স্থানে আজি এক নিবেদন।
কৰিবাক হেতু আসিয়াছে দেবগণ॥
হে বিধাতা চক্ৰপাণি দেব মহেশ্বৰ।
মহিষ সহিত যুদ্ধ কৰিলো বিস্তৰ॥
ভাগ্যদোষে পৰাজয় হৈলন্ত আমাৰ।
মহা বলৱন্ত দৈত্য পৰম দুৰ্ব্বাৰ॥
পৰাজি আমাক দৈত্যে স্বৰ্গে হৈলা স্বামী।
তাৰ ভয়ে পৃথিবীত ভ্ৰমিছোহোঁ আমি॥
সূৰ্য্য অগ্নি বায়ু চন্দ্ৰ যম বৰুণৰ।
কুবেৰাদি অমৰৰ যত অধিকাৰ॥
বলদৰ্পে নিলা কাঢ়ি দুৰন্ত অখুৰ।
নাই সীমা দুৰ্গতিৰ অমৰ সবাৰ॥
স্বৰ্গহন্তে দেবতাক কৰিলা বাহিৰ।
অকণ্টক স্বৰ্গৰাজ্য কৰিলা অসুৰ॥
অমৰক দিলা পূৰ্ব্বে স্বৰ্গ পুৰীখান।
স্বৰ্গ নষ্ট হৈলে থাকিবাৰ নাহি স্থান॥
যোগ যাগ যজ্ঞ আৰু নাই পৃথিবীত।
দৈত্যভয়ে কাম্পে আতি ঋষি মুনি যত॥