সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
চণ্ডিকাখ্যান ৷


পুৰন্দৰ সমে যুদ্ধ কৰিলা অসুৰ।
জিনিলা মহিষাসুৰে ত্ৰিদশ ইশ্বৰ॥
পৰাজিত দেবগণ ভয়ে পলাইলা।
(১)অমৰা বতীত দৈত্যে ৰাজত্ব কৰিলা॥
অনন্তৰ পুৰন্দৰে কৰি আলোচন।
দেবগণ সমে গৈলা ব্ৰহ্মাৰ আস্থান॥ (২)
ব্ৰহ্মাৰ স্থানত ইন্দ্ৰে কৰিলা গোচৰ।
কৰিছে ৰাজত্ব স্বৰ্গে দুৰন্ত অসুৰ॥
কিমতে স্বৰ্গত আমি কৰোহোঁ বসতি।
কৰিয়ো উপায় এবে দেব প্ৰজাপতি॥
ইন্দ্ৰৰ বচনে ব্ৰহ্ম ভাবি বহুক্ষণ।
দেবগণ সমে গৈলা শিব বিষ্ণু স্থান॥
এক স্থানে আছে বসি মাধৱ মহেশ।
কথোপকথন কৰি দেখিলা ত্ৰিদশ॥
প্ৰণমি অমৰগণে বেঢ়িয়া বসিল।
মহিষাসুৰৰ কথা কহিতে লাগিল॥
পুৰন্দৰ বদতি শুনিয়ো মহেশ্বৰ।
তুমি সংহৰণ কৰ্ত্তা এহি জগতৰ॥


(১) অমৰাৱতী, স্বৰ্গৰ ৰাজধানী ৷

(২) আস্থান, সভা।