সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
চণ্ডিকাখ্যান ৷


শয্যা পৰিহৰি,  উঠিলা শ্ৰীহৰি,
 ধাইলা অসুৰ প্রতি ।

মহা বলৱন্ত,  দৈত্য দুই গোট,
 ভৈলাহা নিকটে স্থিতি ॥

যুজিলা মাধব,  ভকত বান্ধব;
 দৈত্যক লগাই চমক ।

একার্ণব জল,  নাই কৈতোস্থল,
 ব্ৰক্ষ্মাণ্ড ভৈল খলক ॥

ক্ষয় নোহেবল,  দুই দানবৰ,
 পৰাজয় নাহি মানে ৷

পৰম বিস্ময়,  দেব দয়াময়,
 অদ্ভুত মানিলা মনে ॥

প্রচণ্ড বিক্ৰমে,  দেব নাৰায়ণে,
 হাজাৰ পঞ্চ বৰিষ ৷

বাহু প্রহৰণ,  কৰে মহাৰণ,
 নভৈলা অসুৰ নাশ ॥

পাছে ভগবতী,  বিষ্ণুক-আদৰি,
 মুহিলা অখুৰ মন ।

দেবী মায়া মুগ্ধ,  অখুৰ প্রচণ্ড;
 বুলিলা এহি বচন ॥