এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
চণ্ডিকাখ্যান।
এহিভাবে ত্ৰহ্মাদেবে আৰম্ভিলা স্তুতি।
একমনে হৃদয়ত চিন্তি দেবী মূৰ্তি॥
তুমি দেবী সৃষ্টিস্থিতি সংহাৰ কাৰিনী।
তুমি বিশ্বেশ্বৰী নিদ্ৰা জগত তোষিণী।
(১২) তুমি স্বাহা ৰূপে দেবী তুষিছা দেবক।
স্বধাৰূপে দিছা তৃপ্তি সমস্ত পিতৃক॥
উদাত্তাদি স্বৰকূপা যজ্ঞৰূপা তুমি।
জন্ম জৰা মৃত্যু হীন৷ অমৃত ৰূপিণী॥
হ্ৰস্ব দীৰ্ঘ স্বৰ তুমি আৰু প্লুত স্বৰ।
হলবৰ্ণ ৰূপাতুমি অজ্ঞাত সবাৰ॥
বিপ্ৰৰ গায়ত্ৰী তুমি জগত জননী।
এতেকে সাবিত্ৰী দেবী পবিত্ৰ কাৰিণী॥
জগত ধৰিছা দেবী জগদ্ধাত্ৰী ৰূপে |
স্ৰজিছ৷ জগত এহি ব্ৰক্ষ্মাণী স্বৰূপে॥
পালিছ৷ বৈষ্ণবী ৰূপে যত চৰাচৰ।
সংহৰিবা অন্তকালে তোমাতে সকল॥
স্ৰজনত সৃষ্টিৰূপা তুমি জগতৰ।
পালনত স্থিতিৰূপা অখিল বিশ্বৰ॥
(১২) ত্বংস্বাহা ত্বংস্বধা ত্বংহিবষট্ কাৰস্বৰাত্মিকা । সুধা ত্বমক্ষৰে নিত্যে ত্ৰিধা মাত্ৰাত্মিকা স্থিতা ॥