সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
চণ্ডিকাখ্যান ।


বিষ্ণু কৰ্ণ মল যেবে জলত পড়িল।
মলহন্তে ঘোৰ দৈত দুগোটা জন্মিল॥
মধুনামে একজন কৈটভ অপৰ।
মহাকায় মহাবল দুয়ো মহাসুৰ॥
বলদৰ্পে সিবেলাত ভাবে মনে মনে।
কাৰ সহ কৰোঁ যুদ্ধ আমি দুইজনে॥
ভাবন্তে দেখিলা পাছে নাভি কমলত।
কেশবৰ আছে ব্ৰহ্মা নয়ন মুদ্ৰিত॥
ইহাক মাৰিবো বুলি দুই মহাসুৰ।
যুজিবাক হেতু ৰঙ্গে ধাইলা সত্বৰ।
চকুমেলি দেখে ব্ৰহ্মা দুই মহাসুৰ |
ঘোৰৰূপ ধৰি আসে সমীপে তাহাৰ॥
দেখি দৈত্য বিধাতাৰ উপজিল ভয়।
এবে কি উপায় কৰোঁ সঙ্কট সময়॥
শুতি আছে নাৰায়ণ অনন্ত শয্যাত।
যোগনিদ্ৰা বশীভুত চৈতন্য ৰহিত।
কেনমতে সচেতন হৈব দামোদৰ।
মনত ভাবয় বিধি অনেক প্ৰকাৰ॥
নাৰায়ণ দেহ হন্তে দেবী মহামায়া।
বাজ হৌক ভগবতী কৰি মোক দয়া॥