এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
চণ্ডিকাখ্যান ৷
মেধন বদতি শুনা নৃপ মহামতি।
নিত্যা সেহি ভগবতী জগত মূৰতি॥
স্ৰজন পালন আৰু কৰি সংহৰণ।
ব্যাপি আছে জগদ্ধাত্ৰী অখিল ভুবন॥
স্থাবৰ জঙ্গম বিশ্ব অজন যাহাৰ।
সংসাৰীৰ দৰে জন্ম নাহিকে তাহাৰ॥
তথাপি যে অবতাৰ বহুধাদেবীৰ। (১১)
আছয় শাস্ত্ৰত কহেঁ৷ শুনা নৃপবৰ॥
গুণাতীতা ভগবতী দেবৰ কাৰ্য্যত |
নানাৰূপে আবিৰ্ভাব হোৱে জগতত॥
তেতিয়া উৎপন্না বুলি জগতে জানয়।
অন্যৰূপে তাৰ জন্ম কদাপি নহয়॥
মহা প্ৰলয়ৰ জলে প্লাবিত জগত।
অনন্ত শয্যাত হৰি ভৈলন্ত নিদ্ৰিত॥
যোগনিদ্ৰাকূপে দেবী হৰিৰ নয়ন |
মুদ্ৰিত কৰিলা প্ৰভু ভৈলা অচেতন॥
অখিল ব্ৰক্ষান্দ জলময় মহাৰাজ |
বিষ্ণুৰ কৰ্ণৰ পৰা মলহৈলা বাজ॥
(১১) বহুধ৷, অনেক প্রকাৰ ।