এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
চণ্ডিকাখ্যান।
মমতা আবৰ্ত্ত মোহ গৰ্ত্তে প্ৰাণী যত।
মহামায়া প্ৰভাবত সততে সংযত॥
মোৰ ভাৰ্য্যা মোৰ পুত্ৰ এহি যাৰ জ্ঞান।
মহামায়া কৰে তাঙ্ক সংসাৰে বন্ধন॥
নহবা বিস্মিত ৰাজা দেবী মহামায়৷।
জগতকে মুহি আছে তাৰ যত মায়া॥
আকৰ্ষি জ্ঞানীৰেো মন সেহি ভগবতী।
বলেৰে কৰন্ত মুগ্ধ জানা মহামতি॥
স্ৰজিছে সমস্ত বিশ্ব দেবী ভগবতী।
হৈলে সেহি সুপ্ৰসন্না লভে নৰে মুক্তি॥
ব্ৰক্ষজ্ঞান ৰূপাদেবী মুক্তিৰ কাৰণী।
সংসাৰীৰ বন্ধ হেতু সেহি সনাতনী॥
ভোগদা মোক্ষদা শিবা দেবী সুৰেশ্বৰী।
সবাৰো আবাধ্যা সেহি ব্ৰক্ষৰো ঈশ্বৰী॥
ৰাজা নিগদতি প্ৰভু কৰিয়ো বেকত।
মহামায়া বুলি যাক কৰিলে প্ৰখ্যাত॥
কি প্ৰকাৰে উতপতি কিবাৰূপ তাৰ।
কিনো কৰ্ম্ম কৰে সেহি মাৱ জগতৰ॥
নিত্যা কি অনিত্যা দেবী তুমি জ্ঞানীবৰ।
সমস্ত বিবৰি কোৱ৷ জুৰাওক অন্তৰ॥