সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
চণ্ডিকাখ্যান।


মনুষ্যৰ যেনে জ্ঞান বিষয় ভোগত |
তেনে জ্ঞানে জ্ঞানী সবে পশু পক্ষীযত॥
জ্ঞান আছে হেতু নৃপ দেখা পক্ষীগণ।
আপুনি নাখায়ো শিশু মুখে দিয়ে কণ॥
পুষিব পালিব পুত্ৰে কৰিব যতন।
এহি আশা কৰি নৰে কৰন্ত পোষণ॥
মোৰ পুত্ৰ মোৰ ভাৰ্ধ্যা ধন কলেবৰ |
ইতিমাত্ৰ জ্ঞান আছে সমস্ত প্ৰাণীৰ॥
এতেকে মনুষ্য জাতি আক অন্য জাতি।
সবাৰো সমান জ্ঞান বিষয়ক প্ৰতি॥
পুত্ৰ ভাৰ্য্যা ধন হন্তে যদিও অনৰ্থ।
তথাপি সংসাৰীজনে কৰে পুকষাৰ্থ॥
নিজৰ অহিত বাঞ্চা কৰে কোন প্ৰাণী।
(১০) পৰাধীন হেতু জীব সমস্তে অজ্ঞানী॥
যদিবাও কতোনৰে ইচ্ছে আত্মহিত |
সমস্ত নিষ্ফল হোৱে ঈশ্বৰ মায়াত॥
সংসাৰৰ স্থিতি কাৰী প্ৰভু ভগবান।
মহামায়া নামে শক্তি তাহাৰ প্ৰধান॥


(১০) মায়াত মুগ্ধহেতু জীবঈশ্বৰ হৈয়ে পৰাধীন।