সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
চণ্ডিকাখ্যান ৷

যে৷গবলে নাই তব কোনো অগোচৰ।
জানে দূত ভবিষ্যত আৰু পূৰ্ব্বাপৰ॥
আছিল ৰাজত্ব মোৰ কোলা নগৰীত।
শত্ৰুগণে আক্ৰমিলে পশিলো বনত॥
সম্প্ৰতি ৰাজ্যত মোৰ নাই অধিকাৰ।
তথাপি ৰাজ্যত মোহ প্ৰবল যে মোৰ॥
বিষয় আশক্ত চিত্ত মূৰ্খৰ শোভন।
জ্ঞানী হুয়া কিয় তাত হৈলো নিমগণ॥
কি হৈল নগৰ গজবাজী ৰথ ধন।
অকাৰণে অহৰ্ণিশ কৰোহোঁ চিন্তন।
আছিল ৰাজত্ব যেবে সবাই আমাৰ।
ৰাজ্যভ্ৰষ্ট হৈল যেবে মমতা অসাৰ॥
সমাধি নামক ইটো বৈশ্য কুলে জাত।
পুত্ৰ ভাৰ্য্যা বন্ধু ভৃত্য ধন ৰত্ব যত।
আগ্ৰহি নিৰ্দ্দয় ৰূপে পঠাইলা বনত।
তথাপি বৈশ্যৰ মোহ আছে সি সবাত 1
আমাৰ কাহিনী এই তযু চৰণত।
সাবশেষে নিবেদিলো আমি স্বৰূপত॥
বিষয়ৰ দোষ দেখি এড়ি তাত আশা।
ঘোৰবনে আসি দুয়ো কৰিলোহোঁ বাসা॥