সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চণ্ডিকাখ্যান।

মোৰ পূৰ্ব্ব পিতৃগণে পালিলা ষিপুৰী।
সিপুৰীত মইস্থান নপাইলো সমূলি ॥
মোৰ দুষ্টভৃত্যগণে ধৰ্ম্ম অনুসৰি ৷
পালিছে বা নপালিছে মোৰ কোলাপুৰী ॥
মদমত্ত শূৰ হস্তী যুদ্ধত প্ৰধান ৷
শুত্ৰু অধিনত কিনো কৰিছে ভোজন ॥
মোৰ কৃপা ধন অন্নে তুষ্ট ভৃত্যগণ |
হাঁয় আন নৃপতিৰ কৰিছে সেবন ॥
অসাধু অমাত্য সবে কৰি আতি ব্যয় ।
কষ্টাৰ্জিত বিত্তমোৰ কৰিবন্ত ক্ষয় ॥
স্বৰ্ণ ৰূপ হীৰা মুক্তা মনি মৰকত।
প্রবাল গোমেদ আদি ৰত্ন ৰাজি যত ॥
অতি দুঃখে ভণ্ডাৰত আছিল সঞ্চিত ।
শত্ৰুৰ হাতত সব ভৈলা ভস্মীভূত ॥
এহিমতে আনো নানা ভাবিয়া থাকন্তে ৷
দেখিলন্ত একবৈশ্য সেহিআশ্ৰমতে ॥
দেখিয়া বৈশ্যক ৰাজা পুছিবে লাগিলা ৷
কিকাৰ্য্যে আসিলা তুমি কহিয়ো কিহৈল ॥


শূৰ হস্তী, সুৰথৰ হাতীৰ নাম ।

(২)