এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
চণ্ডিকাখ্যান ৷
পদ।
ঋষিয়ে বোলন্ত শুনা সুৰথ ৰাজন।
সমস্ত পুৰুষাৰ্থদ দেবীৰ আখ্যান॥
তোমাৰ আগত মই কৰিলো বেকত।
মহাশক্তি মতা দেবী ধৰিছে জগত॥
বিষ্ণু মায়া ভগৱতী হেলে সুপ্ৰসন্ন।
মায়ামোহ দূৰ হয় লভে তত্ত্বজ্ঞান॥
তুমি এহি বৈশ্য আক জ্ঞানীজন যত।
মায়ায়ে কৰিছে মুগ্ধ কৰিব মোহিত॥
একচিত্ত মনে ৰাজা দেবীত শৰণ।
হই ভক্তি ভাবে কৰা দেবীৰ পূজন॥
আৰাধনে হই তুষ্টা দেবী ভগৱতী।
মনুষ্যক কৃপা কৰি দিয়ে ভুক্তি মুক্তি॥
জৈমিনিক সম্বোধি বুলিলা মাৰ্কণ্ডেয়।
মেধস সমীপে পাইলা দেবীৰ নিশ্চয়॥
সুৰথ সমাধি পাছে মেধস মুনিক।
দণ্ডৱতে প্ৰণমিলা কৰি কাকুবাক॥
ৰাজ্যনাশ হেতু দুঃখ আছিল ৰাজাৰ।
পুত্ৰাদিত মোহ আৰু সমাধি বৈশ্যৰ॥
,