সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
চণ্ডিকাখ্যান।


দানৱ জনিত,  এনুৱা পীড়ণ,
 হৈবন্ত যেই বেলাত।

সিবেলাত মই,  অবতাৰ হই, :
 কৰিবো শত্ৰু নিপাত॥

জগত জননী,  বিপদ নাশিনী,
 অপাৰ কৃপা তাহাৰ।

নাশি দৈত্যগণ,  জগত ৰক্ষণ,
 কৰিলন্ত ভয় দূৰ॥

হেনু জানি নৰে,  দেবিক অন্তৰে,
 সুমৰাহা ঘনে ঘন।

আখ্যান চণ্ডীৰ,  আতি মনোহৰ,
 দ্বিজ কীৰ্ত্তি চন্দ্ৰে ভনে॥