সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯
চণ্ডিকখ্যান ।

এহি ৰূপে দেবগণে কৰিলন্ত স্তুতি।
ভৈলাহা প্ৰদন্ন দেবী দুৰ্গ৷ ভগৱতী॥
ঘোৰ মূৰ্ত্তি ত্যজি ভৈলা প্ৰসন্ন বদন।
স্মিত মুখে ত্ৰিদশক বুলিলা বচন॥
মাৱৰ হৃদয় আতি শিৰিষ,কোমল।
ভক্তৰ স্তুতিত তুষ্টা দেবী সৰ্ব্বকাল॥
হেন জানি নৰগণে তেজি আন কাম।
পাতক চাড়োক বোলা দুৰ্গা দুৰ্গা নাম॥



দিলা ইষ্টবৰ,  ত্ৰিদশ সবাক,
 তুমি দেবি দয়াময়ী॥



দুলড়ি


ত্ৰিদশৰ স্তুতি,  শুনি ভগৱতী;
 ভৈলন্ত সস্তোষ আতি।
সমস্ত দেবক,  বুলিলন্ত বাক,
 জগতৰ অধিষ্ঠাত্ৰী॥