সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
চণ্ডিকাখ্যান।


সেহি ঘণ্টা মাতৃ হেন পুত্ৰক ৰক্ষণ।
পাপহন্তে আমাসাক কৰোক পালন॥
অসুৰৰ ৰক্ত মেদ পঙ্কত পঙ্কিল।
তীক্ষ খড়্গ তব হাতে আতিসে উজ্বল॥
কৰোক আমাৰ শুভ সেহি তযু অসি। []
চৰণে শৰণাগত ভৈলোহো দেবেশি॥
সবে ব্যাধি হোৱে নাশ হৈলে তুমি তুষ্ট॥
মনোৰথ হোৱে ব্যৰ্থ হৈলে তুমি কষ্টা॥
নহয় বিপদ তব আশ্ৰিত জনৰ।
কিন্তু সেহি লোক হোৱে আশ্ৰয় অন্যৰ॥
আজি তুমি নানা ৰূপে ধৰি নানা মূৰ্ত্তি।
দুৰন্ত দৈত্যক বিনাশিলা ভগৱতী॥
তোমা বিনা এহি কৰ্ম্ম কাহাৰ শকতি।
নিস্তাৰিলা অমৰক কৰি কৃপ৷ আতি॥
[]মায়াশান্ত্ৰে বৈদ্যশাস্ত্ৰে আৰু তৰ্কশাস্ত্ৰে।
আদ্যবেদ বাক্যে নীতিশাস্ত্ৰে জ্ঞানশাস্ত্ৰে॥
আৰু ঘোৰ অন্ধকাৰ ন্নমত্ব গৰ্ভত।
ভ্ৰমাইছাহা জগতকে তুমি অবিৰত॥


  1. অসি, খড়গ
  2. মায়াশান্ত্ৰ, ভোল্কবিদ্যা।