সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬
চণ্ডিকাখ্যান ।

[]তুমিমেধা তুমিশ্ৰেষ্ঠা তুমি সৰস্বতী।
তুমি মহেশ্বৰী সম্পদৰো অধিষ্ঠাত্ৰী।
সংহাৰ ৰূপিনী তুমি মঙ্গল কাৰিণী।
হইয়ো প্ৰসন্ন৷ দেবী নমো নাৰায়ণি॥
তুমি সৰ্ব্বৰূপা দেবি সবাৰ ইশ্বৰী।
সমস্তৰে শক্তি তুমি নিজে আছা ধৰি॥
দৈত্যভয় হন্তে ৰক্ষা কৰাহা আমাক।
দুৰ্গা দেবি নমস্কাৰ কৰোহো তোমাক॥
এইযে তোমাৰ মনোহৰ ভ্ৰিনয়ণ।
শোভিত বদন পদ্ম হেম হেন॥
সৰ্ব্বপ্ৰাণি হন্তে ৰক্ষা কৰোক আমাক।
কাত্যায়ণি প্ৰণিপাত কৰোহেঁ৷ তোমাক॥
অগ্নিহেন কান্তি যাৰ অতি তীক্ষ ধাৰ।
নাশিলে অশেষ দৈত্য ত্ৰিশূল তোমাৰ॥
সেহি শূলে ভয় নাশ কৰোক আমাৰ।
[]ভদ্ৰ কালি তযু পদে নমো পুণৰ্ব্বাৰ॥
যেই তব ঘণ্টা শব্দে ব্যাপি জগতক।
কৰিলন্ত হীন তেজ সমস্ত দৈত্যক॥


  1. ভদ্ৰকালী, ষোড়শ ভুজা দুৰ্গা।
  2. মেধা, বিস্মৰণ নোহোৱা বুদ্ধি।