সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
চণ্ডিকাখ্যান ।


ত্ৰিভুবন কৈলা ৰক্ষা সংহৰি অসুৰ ৷
নাৰায়ণি কৰোছেঁ৷ তোমাক নমস্কাৰ ॥
(২)ব্ৰজহুস্তা তুমি দেবি কিৰীট ধাৰিণী।[]
সহস্ৰ লোচন ধৰি শোভিলা আপুনি ॥
অনায়াসে বৃত্ৰাসুৰ কৰিলা সংহাৰ ।
নাৰায়ুণি তযু পদে প্রণাম আমাৰ ॥
শিবদূতী ৰূপে তুমি ৰণৰ মাজত ।
বধিলাহা দৈত্য সেনা অযুত নিযুত ॥
তব মহানাদে ভৈলা কম্পিত ধৰণী ।
কৰোহোঁ তোমাক সেৱা আমি নাৰায়ণি ॥
নৰ মুণ্ডমালা গাঁঠি কৰিলা ধাৰণ ৷
ঘোৰ দন্ত পংক্তি তযু কৰাল বদন ৷৷ []
মুণ্ডক বধিলা তুমি ৰূপে চামুণ্ডাৰ ।
নাৰায়ণি কৰোহেঁ৷ তোমাক নমস্কাৰ ॥
তুমি লক্ষ্মী তুমি লজ্জ৷ তুমি বেদ বিদ্যা।
শ্ৰদ্ধা পুষ্টি স্বধাৰূপা নিত্য আৰু আদ্য ॥
প্ৰলয়ৰ ৰাত্ৰি তুমি জগত মোহিনী ॥
কৰোহোঁ প্রণাম তযু পাৱে নাৰায়ণি ॥



(১১)

  1. বজ্ৰহস্তা, বজ্ৰ ধাৰিণী।
  2. কৰাল, ভয়ঙ্কৰ।