সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
চণ্ডিকাখ্যান ।

অনন্ত শকতি তযু জলৰূপে তুমি।
তুষিলাহা সমস্তকে কি বৰ্ণাবো আমি॥
তুমিসে বিষ্ণুৰ শক্তি জগতৰে মুল।
তুমি মহামায়া তব অনন্তযে বল॥
মায়াৰূপে জগতকে কৰিছা মোহিত।
হৈলে তুমি সুপ্ৰসন্ন হোৱে লোক মুক্ত॥
জজ্ঞবিদ্যা মহাবিদ্যা আদি যতবিদ্যা।
তোমাৰসে মূৰ্ত্তি ভেদ তুমি মাত্ৰ আদ্যা॥
নাৰী ৰূপে আছে যেই এহি জগতত।
সবাই তোমাৰ অংশ আমাৰ বিদিত॥
একাকিনী তুমি মাৱ ব্যাপিলা ভুবন।
কিতোমাৰ আছে স্ততি কৰে কোনজন॥
তুমি সৰ্ব্ব স্বৰূপা যে ভোগ মোক্ষদাত্ৰী।
তোমাক কৰয় স্তৱ আছে কাৰ শক্তি॥
বাক্যৰ অতীত তুমি মনৰো অতীত |
চিদানন্দ ময়ী তুমি গুণৰো অতীত॥
কিন্তু এহি তযু মূৰ্ত্তি কৰি নিৰীক্ষণ।
কৰি৷বাহোঁ তব স্তুতি এহি মাত্ৰ মন॥
বুদ্ধি ৰূপে আছা তুমি হৃদয়ে সবাৰ।
স্বৰ্গ মোক্ষ প্ৰদা তুমি কৰো নমস্কাৰ॥