সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
চণ্ডিকাখ্যান।


নিৰ্ম্মল আকাশ,  সুৰ্য্য পৰকাশ,
 চন্দ্ৰমা ধৰিলা কান্তি॥
উল্কা বজ্ৰপাত,  আদি মহোৎপাত,
 আছিলা পূৰ্ব্বত যত।
বিনাশে শুম্ভৰ,  সবে ভৈল দূৰ,
 নিয়মে বহে সৰিত!
সবে দেবগণ,  হৰষিত মন,
 ভৈলন্ত বধে শুম্ভৰ।
গন্ধৰ্ব্বে গাইলা,  অপ্সৰা নাচিলা,
 হৈলন্ত বাদ্য মধুৰ।
জুৰাইয়া প্ৰাণ,  বহে সমীৰণ,
 প্ৰকাশে আতি তপন।
যজ্ঞৰ অনল,  চৌঁদিকে জ্বলিল,
 আনন্দিত মুনিগণ॥
যত অমঙ্গল,  সবে ভৈল দূৰ,
 দেবৰো গুচিল দৰ।
যত দেববৃন্দ,  কৰি মহানন্দ,
 কৰন্ত স্তব দেবীৰ॥
শুনা নৰগণ,  চণ্ডীৰ আখ্যান,
 পাপ তাপ বিনাশন।