সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
চণ্ডিকাখ্যান ।

দিব্য অন্ত্ৰ যত,  ক্ষেপণ কৰন্ত,
 চণ্ডীক প্ৰতি অসুৰ।

হুঙ্কাৰ শবদে,  দেবী অনায়াসে,
 কৰন্ত চণ্ডিকা দূৰ॥

হানি শৰ শত,  অসুৰ দুৰ্ব্বৃত্ত,
 চণ্ডীক কৰে আচ্ছন্ন।

কোপে হানি বাণ,  চণ্ডিকা দৈত্যৰ,
 কৰিলা ধনু ছেদন॥

(৩)কাৰ্ম্মুক খণ্ডিত,  দেখি শুম্ভ দৈত্য,
 লইলা হাতে শকতি।

চক্ৰে তেতিক্ষণে,  দানৱৰ হাতে,
 ছেদিলন্ত ভগৱতী॥

সূৰ্য্য পৰকাশ,  খড়্গ চন্দ্ৰ হাস,
 বিমল চৰ্ম্মৰ ঢাল।

ধৰি দৈত্যেশ্বৰ,  কোপত অস্থিৰ,
 দেবীক প্ৰতি ধাইল॥

ধৰি ধনু শৰ,  চণ্ডিকা সত্বৰ,
 খড়্গ চৰ্ম্ম লক্ষি তাৰ।


(৩) কাৰ্ম্মুক, ধনু ।