সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
চণ্ডিকাখ্যান ।


সংহৰি সবাক,  ভৈলো মই এক,
 এবে ৰণে ভব স্থিৰ॥ (১)
মেধস বদতি,  শুনা নৰপতি,
 পাছে শুম্ভ মহাবীৰ।
সহিত চণ্ডীৰ,  কৰন্ত সমৰ,
 সুৰাসুৰ ভয়ঙ্কৰ॥
দৈত্যে চণ্ডিকাক,  চণ্ডিকা দৈত্যক,
 তীক্ষ তীক্ষ নানা শৰ।
গদা শক্তি শূল,  পৰিঘ তোমৰ,
 মূষল শেল মুদ্গৰ॥
চক্ৰ অসি পাশ,  ক্ৰুৰ ভিন্দিপাল,
 কৰন্ত কোপে প্ৰহাৰ।
দাৰুণ সমৰ,  শুম্ভ চণ্ডিকাৰ,
 দেখি ভীত চৰাচৰ॥
যত তীক্ষ্ণশৰ,  কৰন্ত প্ৰহাৰ,
 চণ্ডিকা কৰি সন্ধান।
(২) অনুৰূপ শৰ,  হানি দৈত্যেশ্বৰ,
 দুৰতে কৰে বাৰণ॥


(১) ভব, হোৱা। (২) অনুৰূপ, তত্তুল্য।