সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
চণ্ডিকাখ্যান।

মিছাগৰ্ব্ব কৰ,  নানা সহচৰ,
 তই যে অতি মানিনী॥

ব্ৰহ্মাণী শিৱাণী,  কাৰ্ত্তিকী ইন্দ্ৰাণী,
 ইত্যাদি অসংখ্য তোৰ।

লৈয়া সহচৰ,  কৰিছ সমৰ,
 ধিক বীৰ্য্যবল তোৰ॥

শুম্ভ বাণী শুনি,  দেবী কাত্যায়ণী,
 উচিত দিলা উত্তৰ।

এহি জগতত,  মই এক মাত্ৰ,
 দ্বিতীয় নাহিকে আৰ॥

দেখ দুষ্ট তই,  ক্ষণিকতে মই,
 মোহোৰ বিভূতি যত।

নিজৰ গাৱত,  কৰো সম্বৰণ,
 স্থিৰ কৰ তোৰ চিত্ত॥

ব্ৰহ্মাণী প্ৰভৃতি,  পাছে দেব শক্তি,
 ভৈলাহা লয় চণ্ডীত।

হুয়া একাকিনী,  দেবী কাত্যায়ণী,
 শুস্তক বাণী বোলন্ত।

মই বহুৰূপে,  প্ৰবেশি সংগ্ৰামে,
 কৰিলো দৈত্য সংহাৰ।