সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান

ঘোৰ কলিযুগে এই চণ্ডিকাৰ পদ।
শ্ৰবণ কৰিলে খণ্ডে সমস্ত আপদ॥
এহি কথামাৰ্কণ্ডেয় পুৰাণ মধ্যত।
চণ্ডানামে ভাষান্তৰে আছিলা প্ৰখ্যাত॥
তান হন্তে পদ বন্ধে কৰিলো প্ৰচাৰ।
হোক কূপা মোৰ প্ৰতি দেবী চণ্ডিকাৰ॥



জয় জয় দুৰ্গাদেবী জগত জননী |
মধু কৈটভক তুমি মুহিলা আপুনি॥



পদ।
মাৰ্কণ্ডেয় বদতি শুনিয়ো তপোধন।
যিৰূপে চণ্ডিকা দেবী ভৈলা উতপন॥[]
যিৰূপে সুৰথ ৰাজ৷ আৰাধি চণ্ডীক।
অষ্টমাধিপতি মনু ভৈলা সাবৰ্ণিক॥
স্বাৰোচিষ মন্বন্তৰে চৈত্ৰ বংশ জাত।
আছিল সুৰথি নামে নৃপতি বিখ্যাত॥


  1. সাবৰ্ণিঃ সূৰ্য্যতনয়ো যোমনুঃ কথ্যতেহষ্টমঃ।
    নিশাময় তদুৎপত্তিং বিস্তৰাদ্‌গদতোমম॥