সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
চণ্ডিকাখ্যান ৷



দেখিয়ো চামুণ্ডে,  ভীত দেববৃন্দে,
 ৰক্তবীজ অসংখ্যাত।

বিস্তাৰ বদন,  কৰাহা ত্বৰিত,
 পড়িছে ৰক্ত ভূমিত॥

ৰক্ত বিন্দুহন্তে,  দৈত্যৰ উৎপত্তি,
 বাঢ়িল দৈত্য বিস্তৰ।

তাৰ ৰক্ত যত,  তোমাৰ জিভাত,
 পড়োক কৰা বিস্তাৰ॥

বেগে ধাই ধাই,  তুমি ঠাই ঠাই,
 কৰাহা শোণিত পান।

মই অস্ত্ৰ হানি,  তাৰ শীৰ্ষ খানি,
 কৰিবো শীঘ্ৰে ছেদন॥

কৰিলে ইমত,  হৈব ক্ষীণ ৰক্ত
 যাবে দৈত্য যমালয়।

নোপজে তসুৰ,  পৰম দুৰ্ব্বাৰ,
 জানিবা এহি নিশ্চয়॥

চণ্ডিক। গোসাণী,  এহি বুলি বাণী,
 দৈত্যক শূল হানিলা।

শূলাঘাতে তাৰ,  বজাইলা ৰুধিৰ,
 চামুণ্ডা পান কৰিলা॥