এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৩
চণ্ডিকাখ্যান ।
ক্ষুদ্ৰ ৰক্তবীজ কটাক্ষে যাহাৰ।
ভস্মী ভূত হোৱে দেখা আশ্চৰ্য্য ব্যাপাৰ।
মহা পৰাক্ৰমে অষ্ট মাতৃ গণে ৰণে।
কৰন্ত তথাপি দৈত্য নহয় পতন॥
চকিত ত্ৰিদশ গণ ভয়ে দানৱৰ।
আহা কি অদ্ভুত মায়া জগত মাৱৰ।
সৃষ্টি স্থিতি সংহৰণ যাৰ নিমেষত।
ক্ষুদ্ৰ দৈত্য সমেৰণ তাৰ কি উচিত॥
কেৱল মাৱৰ লীলা হেৰা নৰগণ।
আক জানি চণ্ডী পদে লইও শৰণ॥
⸻
অনন্ত ৰূপিণী, তুমি নাৰায়ণী,
তযু মায়৷ বুঝা ভাৰ॥
⸻
দুলড়ি।
ত্ৰিদশ বিষণ্ম, দেখিয়া সত্বৰ,
চণ্ডিকাপাশে কালীৰ।
হৈয়া উপস্থিত, বাক্য হুললিত,
বুলিলা হাসি মধুৰ॥