সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
চণ্ডিকাখ্যান ৷


মাতৃগণ সমে সবে ৰক্তবীজ যত।
অস্ত্ৰ শস্ত্ৰ ধৰি ঘোৰ সংগ্ৰাম কৰন্ত॥
পুণৰপি বজ্ৰহানি অসুৰৰ শিৰ।
ছেদিলা ইন্দ্ৰাণী দেবী বজাইলা ৰুধিৰ!
বিন্দু বিন্দু হুয়া ৰক্ত পড়িলা ভূমিত।
তানহন্তে ৰক্ত বীজ হৈলা অসংখ্যাত॥
তাসম্বাক বিষ্ণু প্ৰিয়া কৈলা চক্ৰাঘাত।
ইন্দ্ৰানী কৰিলা পাছে গদাৰ আঘাত॥
গদা ঘাতে চক্ৰ৷ ঘাতে ভৈলা ৰক্ত বাজ।
অসংখ্যাত ৰণ স্থলে হৈলা ৰক্ত বীজ।
কাৰ্ত্তিকী শকতি হানি বাৰাহী খড়্গেৰে।
মাহেশ্বৰী তাসম্বাক তীড়িল৷ শূলেৰে॥
সমস্ত মাতৃক দৈত্যে কোপে সিবেলাত।
গদাহাতে প্ৰতি মাতৃ কৰিলা আঘাত॥
পুনঃ পুনঃ শক্তি শূল আঘাতে গদাৰ।
দেহহন্তে ৰক্ত নদী বহিলা তাহাৰ॥
ৰক্ত সঙ্ঘ হন্তে ৰক্তবীজ অসংখ্যাত।
উতপতি হুয়া দৈত্যে জুৰিলা জগত॥
পাছে ৰক্ত বীজ ময় দেখি ৰণ স্থল।
ভৈলাহা বিষন্নমনা ত্ৰিদশ মণ্ডল॥