এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২
চণ্ডিকাখ্যান ৷
তুমি চণ্ডী তুমি দুৰ্গা তুমি কাত্যায়ণী।
ভুক্তি মুক্তি পদ তযু চৰণ দুখানি॥
তোমাৰ চৰণ পদ্ম দৰিদ্ৰৰ ধন।
অধমক কৰি কৃপা কৰা প্ৰদৰ্শন॥
সপ্তশতী পদ মই কৰিবাক মনে।
ভৈলোহোঁ শৰণাগত তব শ্ৰীচৰণে॥
দুৰ্ব্বোধ চণ্ডীৰ পদ মই অল্পমতি।
তযু কৃপা বিনে মোৰ নাহিকে শকতি॥
বুদ্ধি ৰূপা তুমি দেবি দিয়া বুদ্ধি মোক।
ৰচিবো চণ্ডীৰ পদ সবাই শুনুক॥
শুল্কাম্বুজ নিবাসিনি মাৱ সৰস্বতি।
কৰি কৃপা মোৰ কণ্ঠে হোৱা তুমি স্থিতি॥
আসিয়ো কল্পনা দেবি কৰি সহচৰি।
বসিয়ো হৃদয়াম্ভোজে মোৰে কৃপাকৰি॥
হে হেৰম্বগণাধীশ বিঘ্নবিনাশন।
কূপাকৰি কৰামোক বিঘ্ন নিবাৰণ-॥
সন্ত সকলক মই কৰিছো মিনতি।
নধৰিব দোষ মোৰ এই অল্পমতি॥
পৰম পবিত্ৰ এহি চণ্ডী আখ্যান।
ভুক্তি মুক্তি হোৱে লাভ কৰিলে-কীৰ্ত্তন॥