পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন ]
৫৭
চক্ৰধ্বজসিংহ।

হবলা! মোৰ ইমানখন কান্দোনকাটোন সোপাই অথলে যাব নে কি? সি হব নোৱাৰে, মই নিদিওঁ যাবলৈ। মই কেনে, জনী আজি তোমাক দেখুৱাম। মৰা!মৰা!বোলোঁ আকৌ এতিয়াই মৰা! মৰিব লাগিব, আজি এৰণ নাই! উস্ তামোচাটো চোৱাহঁকচোন, মই ইমানখন ইনাইবিনাই কান্দিলোঁ। কাটিলোঁ, কান্দি-কাটি হাৰাসাস্তি হলোঁ, এতিয়া এইদৰে এওঁ সোপাকে ভষ্ট কৰিবলৈ? অ সদায় ধেমালি কৰি কৰি চল পাইছা হবলা? আৰু গজপুৰীয়ানীক বলে নোৱাৰোঁ মই যদি আমুকী হওঁ, আজি তোমাক শুদাই নোৰোঁ। (হাতত ধৰি টানি)মৰা, মৰা, এতিয়া আকৌ মৰা, মৰিবই লাগিব। উস চোৱাঁ-চোন, মোক লোকে সদায় পোহ-পাল দি থাকিবলৈ গাত লয়,আৰু এওঁ মৰাৰপৰা ঘপহকৰে উঠি সকলো ভষ্ট কৰে! এনে অইনাই কত দেখিছাঁ কত শুনিছাঁ?

‘প্ৰিয়ৰাম আৰু টকৌৱে মুখত কাপোৰৰ সোপা দি হাঁহে!

 গজপুৰীয়া। বোলোঁ হেৰ এইজনী, তই নো কি ভয় খাইছ? ডেকাফুকন বোপাই তো তোক সময় পুহি থাকিবলৈ গাত লৈছে--তেহেলৈ মই মৰোঁ বা নমৰোঁ। মই দেখোন এতিয়াই সেই কথাৰ সাখী ৰাখিলোঁ, তইচোন দেখিলি। কৰবাৰ আহমোকজনী! তোৰ কান্দোন-কাটোনবোৰ অথলে যাব বুলি ভয় খাইছ কেলৈ? মইতো এবাৰ মৰিব লাগিবই; মই আকৌ মৰিলে তই এতিয়া