পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
[ ২য় অঙ্ক
চক্ৰধ্বজসিংহ।

চতুৰ্থ দৰ্শন।

স্থান গুৱাহাটী। যুদ্ধক্ষেত্ৰ।

কাল পুৱা।

[ মৰা সৈন্য়ৰ শৱৰ ভিতৰত গজপুৰীয়ানীয়ে গজপুৰীয়াক বিচাৰি ফুৰে।

 গজপুৰীয়ানী। ( হঠাৎ দুটা ৰণুৱাৰ শৱৰ ভিতৰত গজপুৰীয়াক দেখিবলৈ পাই, ৰাউচী জোৰে। অ মোৰ ভৈযাই সৌটো ঐ! মৰিলেই হবলা! ওচৰলৈ গৈ জুমি চাই। মৰিল ঐ! গাত হাত দি গোতেই হাত ভৰি হিম যেন চেচা পৰিল,গাত সাৰ-সুৰ একো নাই ঔ। এতিয়া নো মই কলৈ যাওঁ কি কৰোঁ ঐ! মোৰ ভয়াইক আৰু মই কত পাম ঐ! আৰু কাৰ নো মুখ চাই মই জিয়াই থাকিম ঐ!হেৰা ভৈযাই, মোকো নো লগতে মাৰি নিনিলা কিয় ঐ! সে গোসাঁই মোকো মাৰি নিয়াঁ ঐ! হে বঙালহঁত মোকো গুলি এটা মাৰি এই খিনতে মাৰি থহঁক ঐ!মই দেখোন থিতাতে বাৰী দুখুনী হলোঁ ঐ! মোক নো আৰু কোনে পুহিব ঐ।

( প্ৰিয়ৰাম আৰু টকৌৰ প্ৰবেশ)

 (প্ৰিয়াৰামক দেখি ) হে ডেকাফুকন বোপা ডাঙৰীয়া! মোৰ নো কি গতি হব ঐ! মোৰ দেখোন গজপুৰীয়াই মোক অনাথিনি