পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন ]
২৭
চক্ৰধ্বজসিংহ।

নানি নো মই কালৈ আনিম : তুমি মোৰ জীয়টো খুজিলেও জানো মই নিদিয়াকৈ থাকিব পাৰিম?..-উহু! বৰ লোকৰ পোৱালি। বাউনীয়ে আকাশৰ তৰালৈ হাত মেলাৰ নিচিনা কথা! হলেইবা বৰলোকৰ পোৱালি? বৰলোকৰ পোৱালিয়েই হে তো নক মানুহৰ হাতত পৰিলে আতোল-তোলৰ বস্তু হয়,ডাঙৰ মানুহৰ হাতত নহয়। --এ মোৰ নিচিনা জনীয়ে পালে,তেওঁক গোসাই আৰাধাদি আৰাধিম নহয়। বুকুৰপৰা নোৰোৱেই নহয়। - “গজপূৰায়নী যোৱাঁ তুমি মোলৈকে ধপাত আনাগৈ,ইহঁতলৈ আনিব নেলাগে”। “মোলৈ ধপাতত চোক আছে,ইহঁতলৈ হে নাই। ” কথা কেইষাৰ শুনিয়েই আমুকীৰ গা সুত লাগি গৈছিল। -মোক ভাল পায়। আৰু আৰু পোৱা কৰিব লাগিব তেহে। মোৰ পিছে পিছে ফুৰা হব যেতিয়া, তেতিয়াহে কাম হল বুজিম। মই জনা আহুদি কেইটাকে এটা এটাকৈ খুৱাই নেচাও কিয়? সেই কেইটাৰেই পাৰিব পাওঁ দেখোন। সেই কেইটাই গুণ নধৰিলে তাৰ পিছতো আলহী বাইৰ ওচৰৰপৰা ডাঙৰ ডাঙৰ আহুদি আনি খুৱাব পাৰিম। হব! পাৰিম। মোৰ মনে কৈছে “গজপুৰানী তই পাৰিবি'" যাওঁ সেই ৰদ- খাইৰ পাণজোপাৰ তিন ডাল সীপা আজিয়েই তুলি থওঁ। কাইলৈ পুৱা বাহী মুখেৰেই গৈ আউনীপাণৰ গছৰ মকৰাজাল আনিম। শামুকৰ চূণৰ চোকোৰা আছেই।

[প্ৰস্থান।