সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘুনুচা কীৰ্ত্তন

পৰম আনন্দে নটী নৃত্য কৰে
চপয় পঢ়য় ভাটে।
উদাস সন্ন্যাসী যোগী ব্ৰহ্মচাৰী
স্তুতি কৰি সবে বাটে॥
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
চলি যান্ত নিৰন্তৰে।
যত নৰ নাৰী কৃষ্ণক আবৰি
বিনাৱন্ত নিৰন্তৰে॥ ৯
কেহো শঙ্খ বাৱে মৃদঙ্গ বজাৱে
তাল কৰতাল ঠুকি।
ঊৰ্দ্ধবাহু হুয়া কৰতাল ধৰি
কীৰ্ত্তন কৰে উৎসুকি॥
সুগন্ধ জালিয়া ধূপ হাতে লৈয়া
নাচে উপৰক চাই।
পৃথিবীৰ হন্তে উল্লাস কৰিয়া
যেন বৈকুণ্ঠক যাই॥১০
কেহো আগ বাঢ়ে কেহো পাছে যায়
পৰম আনন্দ ভাৱে।
হতাহতি কৰি কেহো নৰ নাৰী
চলে সৱে এক ঠাৱে॥